Higher Secondary পৰীক্ষা পাছ কৰি কি কৰ্চত admission লব? Rakibul Islam Salafi
Higher Secondary পৰীক্ষা পাছ কৰি কি কৰ্চত admission লব?
বহু ছাত্ৰ-ছাত্ৰীৰ H.S. পাছ কৰি কি course ত এডমিচন লব সেই সিদ্ধান্ত লবলৈ অসুবিধা হয় l বহুক্ষেত্ৰত অভিভাৱক বা শিক্ষাগুৰুসকলেও সহায় কৰাত অপাৰগ হোৱা দেখা যায় l যোৱাকেইদিনত বহুকেইজন অভিভাৱকৰ দিহা পৰামৰ্শ বিচাৰি ফোন পালো l সেয়েহে কাৰোবাৰ অকমান হলেও সহায় হব বুলি এই পষ্টটো লিখিবলৈ ললো l
সচৰাচৰ Science ৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰথমে Medical বা Engineering পঢ়াৰ টাৰগেট কৰে l নহলে Arts আৰু Commerce ৰ ছাত্ৰ-ছাত্ৰীৰ দৰে সাধাৰণ graduation (B.Sc.) কৰে l
Engineering ত তিনিটা লেভেলৰ কৰ্চ থাকে: ITI, Diploma আৰু Degree (B Tech/B.Arch/B.Planning). সাধাৰণতে H.S. পাচ কৰি শেষৰ দুটা কৰ্চ কৰে l B Tech কৰিবলৈ অসমতে চৰকাৰী আৰু বেচৰকাৰী মিলাই প্ৰায় দহ খন মান Engineering College আছে l প্ৰধানতে JEE বা CEE বাচনি পৰীক্ষাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী বাচনি কৰা হয় l অসমত চৰকাৰী polytechnic ৰ সংখ্যাও 20 ত কৈ অধিক l Central Institute of Plastic Engineering and Technology (CIPET) তো Diploma আৰু Degree কৰ্চ পঢ়াৰ সুবিধা আছে l উল্লেখযোগ্য যে Diploma পাছ কৰি পোনপটীয়াকৈ B Tech Second year ত (Lateral Entry) এডমিচন পাব পাৰি l অত্যাধিক Math ভালপোৱা সকলে Indian Statistical Institute (ISI) ৰ Bachelor of Statistics/Math কৰ্চ কৰিব পাৰে যি সম্পূৰ্ণ বিনামূলীয়া আৰু 100% চাকৰি গেৰাণ্টি থাকে l
NEET পৰীক্ষাত উৰ্তীৰ্ণ হৈ MBBS, BDS, BAMS (Ayurvedic), BHMS (Homeopathy) কৰ্চত এডমিচন পায় l ইয়াৰ ওপৰিও Paramedical, Pharmaceutical আৰু Nursing কৰ্চ আদি কৰিব পাৰি l Medical Laboratory Technology (MLT), Operation Theatre Technology, ICU Technology, Physiotherapy, Radio Imaging Technology ইত্যাদি কৰ্চসমূহৰ বৰ্তমান চাহিদা বেছি l চৰকাৰী Medical College আৰু বেচৰকাৰী প্ৰতিষ্ঠানত এই কৰ্চসমূহ আছে l তাৰোপৰি Mangaldai আৰু ছয়দুৱাৰ কলেজত MLT কৰ্চৰ সুবিধা আছে l Pharmacy Council of India দ্বাৰা স্বীকৃত প্ৰতিষ্ঠানত D.Pharm বা B. Pharm কৰ্চ কৰিব পাৰি l B.Sc (Nursing) পঢ়িলেও চাকৰিৰ যথেষ্ট সুবিধা আছে l
ইয়াৰ ওপৰিও Vaterinary, Fishery Science, Agriculture, Horticulture, Agriculture ইত্যাদি কৰ্চসমূহ Guwahati, Jorhat, Biswanath Chariali আৰু Dhubri ত থকা চৰকাৰী প্ৰতিষ্ঠান সমূহত পঢ়িব পাৰে l
Journalism and Mass Communication ৰ কৰ্চবিলাক বিভিন্ন কলেজত আছে l Language বিষয়ত আগ্ৰহ থাকিলে foreign Language যেনে French, Spanish, German, Japanese ভাষাত diploma বা degree কৰ্চ কৰিব পাৰি l Hotel industry, MNC, Airlines কম্পেনি বিলাকত এই কৰ্চ কৰাসকলৰ যথেষ্ট চাহিদাl খেলা-ধুলাত আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলে Bachelor of Physical Education (B.P.E) কৰ্চত যোগ দিব পাৰে l অসমৰ বাহিৰত বহুতো কলেজত এই সুবিধা আছে যদিও ইয়াতে অকল নলবাৰী কলেজত থকা বুলি জানো l এই কৰ্চ পঢ়িলে Physical Teacher/Trainer চাকৰি পোৱাৰ সম্ভাৱনা যথেষ্ট কাৰণ Physical Education অদুৰ ভবিষ্যতে School curriculum ৰ অংশ হৈ পৰিব l কলা কৃষ্টিত আগবঢ়া ছাত্ৰ-ছাত্ৰীসকলে BFA/B.Music কৰ্চত যোগদান কৰিব পাৰে l Acting, Film and Video editing আদি কৰ্চ Dr. Bhupen Hazarika regional govt. Film and Television Institute ত আছে l ইয়াৰোপৰি Library Science ত B.L.I.Sc./B.Lib কৰিলে চাকৰি পোৱাৰ সম্ভাৱনীয়তা বাঢ়ে l BBA/BCA/BSW ৰ দৰে professional কৰ্চো কৰিব পাৰে l
B.A.L.L.B, BA.BED, BSc.BEd, Integrated MSc. আদি integrated কৰ্চসমূহৰ আকৰ্ষণ দিনক দিনে বৃদ্ধি পাই আছে l Tezpur University এ Integrated MA/M.Sc./M.Com কৰ্চসমূহ আৰম্ভ কৰিছে l CLAT প্ৰবেশ পৰীক্ষা পাচ কৰি National Law University বিলাকত BALLB পঢ়িবলৈ সুবিধা পায় l উল্লেখযোগ্য যে আজিৰ দিনৰ খ্যাতিসম্পন্ন উকিলসকলৰ বেছিভাগেই এনে প্ৰতিষ্ঠানৰ পৰা পাচ কৰা l
Commerce ৰ ছাত্ৰ-ছাত্ৰীসকলে কিছুমান গতানুগতিক specialization ত B.Com কৰে l তাৰ সলনি Bank Management, Marketing and Retail Management, Tourism Management, Accountancy, E-business, Banking and Insurance আদি বিষয়ত specialization কৰিলে ভাল l উকালতিৰ দৰে Chartered accountant টো বৰ ভাল বৃত্তি l বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠান, NGO, Auditing কম্পেনি আদিত ভাল চাকৰিৰ সুবিধা তথা নিজাববীয়াকৈ practice কৰাৰ ভাল পথ l H.S. (Commerce) ত পাছ কৰাৰ পিছত CA ৰ Foundation examination (Stage I of CA) appear কৰিব পাৰে l B.Com ত বিষয়সমূহ CA ত লগা ধৰণে বাচি লব লাগে l
মহিলাসকলৰ মাজত Leadership Development ৰ উদ্দেশ্যেৰে Asian University for Woman, Bangladesh য়ে বিভিন্ন interdisciplinary কৰ্চ চলায় l H.S. ত 60% নম্বৰ পাই উত্তীৰ্ণ হোৱা ছোৱালীয়ে এক প্ৰবেশ পৰীক্ষা পাছ কৰি নাম ভৰ্তি কৰাব পাৰে l দুখীয়া ছাত্ৰীসকলৰ বাবে 100% financial assistance ৰ ব্যৱস্থা থাকে l
শেষত, পঢ়া শুনা সাং কৰি অতি সোনকালে চাকৰি বিচৰা ছাত্ৰ-ছাত্ৰী সকলে D.El.Ed. কৰি প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰাৰ যোগ্যতা আহৰণ কৰিব পাৰে l
(বাদ পৰি যোৱা বিষয়/বিন্দু/ পথ সমূহ ওনুকিয়াই দিলে আনন্দিত হম l বানান ভূল বা দুৰ্বল ভাষাজ্ঞানৰ বাবে ক্ষমাপ্ৰাৰ্থী l)
ড˚ ইফতেখাৰ হুছেইন,
NEHU, Shillong
Rakibul Islam Salafi
Goalpara, Assam, 🇮🇳
Comments
Post a Comment