টকাৰ দ্বাৰা ফিৎৰা আদায়ৰ ক্ষেত্ৰত উলামায়ে কেৰামৰ ফাতওৱা | Fitrah By Money
টকাৰ দ্বাৰা ফিৎৰা আদায়ৰ ক্ষেত্ৰত উলামায়ে কেৰামৰ ফাতওৱা:
▬💠▬▬💠▬▬💠▬▬💠▬▬💠▬
·
পৰম কৰুণাময় অসীম দয়ালু মহান আল্লাহ’ৰ নামত আৰম্ভ কৰিছোঁ। যাৱতীয় প্রশংসা জগতসমূহৰ প্রতিপালক মহান আল্লাহ’ৰ কাৰণে। শতসহস্র দয়া ও শান্তি বর্ষিত হওক প্রাণাধিক প্রিয় নাবী মুহাম্মাদুৰ ৰাছূলুল্লাহ’ৰ প্রতি।
অর্থ বা খাদ্যমূল্যৰ দ্বাৰা ফিৎৰা আদায় কৰাৰ ক্ষেত্ৰত ‘আলিমসকলে তিনিটা প্রসিদ্ধ মতত মতদ্বৈধতা কৰিছে। যেনে-
#এক) অর্থ বা খাদ্যমূল্যৰ দ্বাৰা ফিৎৰা আদায় কৰিলে নহ'ব। ফিৎৰা খাদ্যদ্ৰব্যৰ দ্বাৰাই দিব লাগিব। এইটোৱেই অধিকাংশ বিদ্বানৰ অভিমত। এইটো মালিকী, শ্বাফি‘ঈ আৰু হাম্বালী মাযহাবৰ মত। [ইমাম ইবনু কুদামাহ (ৰাহিমাহুল্লাহ), আল-মুগনী; খণ্ড: ৪; পৃষ্ঠা: ২৯৫; দাৰু ‘আলামিল কুতুব, ৰিয়াদ কর্তৃক প্রকাশিত; হিজৰী ১৪১৮ চন/ইং ১৯৯৮ খ্রীষ্টাব্দ (৩য় প্রকাশ)]
#দুই) অর্থ বা খাদ্যমূল্যৰ দ্বাৰা ফিৎৰা আদায় কৰিলেও হ’ব আৰু খাদ্যদ্রব্যতকৈ খাদ্যমূল্যৰ দ্বাৰা ফিৎৰা আদায় কৰাই উত্তম। এইটো হানাফী মাযহাবৰ মত। [ইমাম কাছানী (ৰাহিমাহুল্লাহ), বাদাই‘উছ ছানা’ই‘; খণ্ড: ২; পৃষ্ঠা: ৫৪৩; দাৰুল কুতুবিল ‘ইলমিয়্যাহ, বৈৰুত কর্তৃক প্রকাশিত; হিজৰী ১৪২৪ চন/ইং ২০০৩ খ্রীষ্টাব্দ (২য় প্রকাশ)]
#তিনি) প্রয়োজন দেখা দিলে বা কল্যাণকৰ বুলি ভাবিলে খাদ্যমূল্যৰ দ্বাৰা ফিৎৰা আদায় কৰা জায়েজ আছে। এটি অপ্রসিদ্ধ বর্ণনা অনুযায়ী এইটো ইমাম আহমাদ বিন হাম্বাল (ৰাহিমাহুল্লাহ)’ৰ আন এটা মত। শ্বাইখুল ইছলাম ইবনু তাইমিয়্যাহ (ৰাহিমাহুল্লাহ)-এ এই মতটি পছন্দ কৰিছে। [ইমাম ইবনু তাইমিয়্যাহ (ৰাহিমাহুল্লাহ), মাজমূ‘উ ফাতাওৱা; খণ্ড: ২৫; পৃষ্ঠা: ৮২-৮৩; বাদশ্বাহ ফাহাদ বাদশ্বাহ ফাহাদ প্রিন্টিং প্রেছ, মাদীনাহ কর্তৃক প্রকাশিত; হিজৰী ১৪২৫ চন/ইং ২০০৪ খ্ৰীষ্টাব্দ]
·
আমি এই তিনিটা মতৰ ভিতৰত অধিকাংশ বিদ্বানৰ মতটিকেই অগ্রগণ্য ও সঠিক বুলি গ্ৰহণ কৰিম। আনহাতে আমি তাৰ কেইটামান গ্রহণযোগ্য কাৰণ উল্লেখ কৰিম। তাৰ মাজত অন্যতম কেইটামান কাৰণ তলত উল্লেখ কৰা হ'ল-
·
১) ৰাছূলুল্লাহ ﷺ -এ ফিৎৰা হিচাপে খাদ্যদ্রব্য দিয়াৰ কথা কৈছে। এই বিষয়ে বর্ণিত বিশুদ্ধ হাদীসসমূহত কেৱল খাদ্যদ্রব্যৰ কথা আহিছে, খাদ্যমূল্য বা অর্থৰ কথা অহা নাই। যেনে- ইবনু ‘উমাৰ (ৰাদ্বিয়াল্লাহু ‘আনহুমা)-ৰ পৰা বর্ণিত হৈছে যে,
أنَّ رَسُولَ اللهِ ﷺ فَرَضَ زَكَاةَ الفِطرِ صَاعًا مِن تَمرٍ، أوْ صَاعًا مِن شَعِيرٍ، عَلَى كُلِّ حُرٍّ، أو عَبدٍ ذَكَرٍ أو أُنثَى مِنَ المُسلِمِينَ.
“প্রত্যেক স্বাধীন-ক্রীতদাস, নৰ-নাৰী, সৰু-ডাঙৰ সকলো মুছলিমৰ ওপৰত আল্লাহ’ৰ ৰাছূল ﷺ-এ ফিৎৰা হিচাপে খেজুৰ হওক অথবা যব হওক সেয়া এক ছা‘ পৰিমাণ আদায় কৰা ফৰজ কৰিছে।” [ছহীহ বুখাৰী, হা/১৫০৩; ছহীহ মুছলিম, হা/৯৮৪]
আবূ ছা‘ঈদ খুদৰী (ৰাদ্বিয়াল্লাহু ‘আনহু)-ৰ পৰা বর্ণিত। তেওঁ কৈছে,
كُنَّا نُخرِجُ فِي عَهدِ رَسُولِ اللهِ ﷺ يَومَ الفِطرِ صَاعًا مِن طَعَامٍ. وَقَالَ أبُو سَعيدٍ: وَكَانَ طَعَامُنَا الشَّعِيرُ وَالزَّبِيبُ وَالأقِطُ وَالتَّمرُ.
“আমি আল্লাহ’ৰ ৰাছূল ﷺ-ৰ যুগত ঈদৰ দিনা এক ছা‘ পৰিমাণ খাদ্য ফিৎৰা হিচাপে আদায় কৰিছোঁ। আবূ ছা‘ঈদ (ৰাদ্বিয়াল্লাহু ‘আনহু)-এ কৈছে, ‘আমাৰ খাদ্যদ্রব্য আছিল যব, কিছমিছ, পনিৰ আৰু খেজুৰ’।” [ছহীহ বুখাৰী, হা/১৫১০]
ৰাছূলুল্লাহ ﷺ-ৰ যুগত অর্থ থকা সত্ত্বেও কোনো বিশুদ্ধ হাদীছত বর্ণিত হোৱা নাই যে, তেখেতে বা তেখেতৰ চাহাবীসকলে খাদ্যমূল্যৰ দ্বাৰা ফিৎৰা আদায় কৰিছে।
·
২) ৰাছূলুল্লাহ ﷺ-এ ফিৎৰাক মিছকীনসকলৰ খাদ্যস্বৰূপে ফৰজ কৰিছে, অর্থস্বৰূপে ফৰজ কৰা নাই। ইবনু ‘আব্বাছ (ৰাঃ)-ৰ পৰা বৰ্ণিত, তেখেতে কৈছে,
فَرَضَ رَسُولُ اللهِ ﷺ زَكَاةَ الفِطرِ طُهرَةً لِلصَّائِمِ مِنَ اللَّغوِ وَالرَّفَثِ، وَطُعمَةً لِلمَسَاكِينِ.
“আল্লাহ’ৰ ৰাছূল ﷺ-এ ৰোজা অৱস্থাত কৃত অনর্থক কথাবার্তা ও অশালীন আচৰণৰ পৰা ৰোজাদাৰক পৰিশুদ্ধকাৰী স্বৰূপে আৰু মিছকীনসকলৰ খাদ্যস্বৰূপে ফিৎৰা ফৰজ কৰিছে।” [আবূ দাঊদ, হা/১৬০৯; ইবনু মাজাহ, হা/১৮২৭; ছনদ: হাছান]
·
৩) ইমাম ইবনু বায (ৰাহিমাহুল্লাহ)-এ কৈছে, “ইবাদতৰ ক্ষেত্রত মূলনীতি হ’ল সেয়া দলিলনির্ভৰ হ’ব লাগিব। গতিকে কাৰো কাৰণে সেই ইবাদত কৰা জায়েজ নহয়, যি ইবাদত প্রজ্ঞাৱান শ্বৰীয়ত প্রণেতা ৰাছূলুল্লাহ ﷺ-ৰ পৰা সাব্যস্ত হোৱা নাই।” [ইমাম ইবনু বায (ৰাহিমাহুল্লাহ), মাজমূ‘উ ফাতাওৱা ওৱা মাক্বালাতুম মুতানাওয়্যা‘আহ, খণ্ড: ১৪; পৃষ্ঠা: ২০৮; দাৰুল ক্বাছিম, ৰিয়াদ কর্তৃক প্রকাশিত; হিজৰী ১৪২০ চন (১ম প্রকাশ)]
আনহাতে শ্বৰীয়ত প্রণেতা কর্তৃক অর্থৰ দ্বাৰা ফিৎৰা আদায় কৰাৰ বিষয়টো সাব্যস্ত হোৱা নাই।
·
৪) ৰাছূলুল্লাহ ﷺ-ৰ যুগত মুদ্রাৰ প্রচলন আছিল আৰু অভাৱী ব্যক্তিৰ বিদ্যমানতাও আছিল। তেতিয়া স্বাভাৱিকভাৱেই অভাৱী ব্যক্তিসকল অর্থৰ মুখাপেক্ষী আছিল। তৎসত্ত্বেও ৰাছূলুল্লাহ ﷺ-ৰ যুগত অর্থৰ দ্বাৰা ফিৎৰা আদায় কৰা হোৱা নাই। আকৌ এইটো শ্বৰীয়তৰ এটি সুবিদিত মূলনীতি যে, প্রয়োজনৰ সময়ত আলোচনাক পলম কৰা না-জায়েজ (لا يجوز تأخير البيان عن وقت الحاجة)। অর্থাৎ, প্রয়োজনৰ সময়ত হুকুম বর্ণনা কৰোতে পলম কৰা জায়েজ নহয়। গতিকে ৰাছূলুল্লাহ ﷺ-এ যিহেতু অর্থৰ দ্বাৰা ফিৎৰা আদায় কৰাৰ বৈধতা বর্ণনা কৰা নাই, সেয়েহে অর্থৰ দ্বাৰা সেয়া আদায় কৰা শ্বৰীয়তসন্মত নহয়।
·
এতিয়া আমি অগ্রাধিকাৰ দিয়া মতটোৰ সপক্ষে আহলুছ ছুন্নাহ’ৰ ইমামসকলৰ বক্তব্য পেচ কৰিম। ওৱা বিল্লাহিত তাওফীক্ব।
·
১. শাইখুল ইছলাম হুজ্জাতুল উম্মাহ ইমামু দাৰিল হিজৰাহ আবূ ‘আব্দুল্লাহ মালিক বিন আনাছ আল-আছবাহী আল-মাদানীয়ে (ৰাহিমাহুল্লাহ) [মৃত: হিজৰী ১৭৯ চন] কৈছে,
ولا يجزئ أن يجعل الرجل مكان زكاة الفطر عرضًا من العروض وليس كذلك أمر النبي عليه الصلاة والسلام.
“ফিৎৰাৰ সলনি অর্থ বা খাদ্যমূল্য নির্ধাৰণ কৰিলে সেয়া যথেষ্ট নহ’ব। নাবী ﷺ-এ এনেদৰে আদেশ দিয়া নাই।” [আল-মুদাওয়্যানাতুল কুবৰা, খণ্ড: ২; পৃষ্ঠা: ৩৮৫; গৃহীত: tasfiatarbia.org]
·
২. শ্বাইখুল ইছলাম নাছিৰুল হাদীছ ফাক্বীহুল মিল্লাত ইমাম মুহাম্মাদ বিন ইদ্ৰীছ আশ্ব-শ্বাফি‘ঈ আল-মাক্কী (ৰাহিমাহুল্লাহ)-এ [মৃত: হিজৰী ২০৪ চন] কৈছে,
ولا يؤدي قيمته (يعني طعام الفطرة).
“আৰু ফিৎৰা খাদ্যমূল্যৰ দ্বাৰা আদায় নকৰিব।” [ইমাম শ্বাফি‘ঈ (ৰাহিমাহুল্লাহ) কিতাবুল উম্ম, খণ্ড: ৩; পৃষ্ঠা: ১৭৪; দাৰুল ওৱাফা কর্তৃক প্রকাশিত; হিজৰী ১৪২২ চন/২০০১ খ্রীষ্টাব্দ (১ম প্রকাশ)]
·
৩. শ্বাইখুল ইছলাম ইমামু আহলিচ ছুন্নাহ আবূ ‘আব্দুল্লাহ আহমাদ বিন মুহাম্মাদ বিন হাম্বাল আশ্ব-শ্বাইবানী আল-বাগদাদীয়ে (ৰাহিমাহুল্লাহ) [মৃত: হিজৰী ২৪১ চন] কৈছে,
ولا يعطي قيمته، قيل له: يقولون: عمر بن عبد العزيز كان يأخذ القيمة، قال: يدعون قول رسول الله ﷺ ويقولون قال فلان؟ قال ابن عمر: فرض رسول الله ﷺ. وقال الله: أطيعوا الله وأطيعوا الرسول. وقال قوم يردون السنن: قال وقال فلان.
“ফিৎৰাৰ খাদ্যমূল্য প্রদান নকৰিব।” তেতিয়া তেওঁক কোৱা হ’ল, “তেওঁলোকে ক’লে, ‘উমাৰ বিন ‘আব্দুল ‘আযীযে খাদ্যমূল্য গ্রহণ কৰিছিল।” তেতিয়া তেওঁ (ইমাম আহমাদ) ক’লে, “তেওঁলোকে আল্লাহ’ৰ ৰাছূল ﷺ-ৰ কথা পৰিত্যাগ কৰিছে, আৰু কৈছে, অমুকে এইটো কৈছে?! ইবনু ‘উমাৰ (ৰাঃ)-এ কৈছে, “ৰাছূলুল্লাহ ﷺ-এ (ফিৎৰা) ফৰজ কৰিছে।” আৰু আল্লাহে কৈছে, “তোমালোকে আল্লাহ’ৰ আনুগত্য কৰা আৰু ৰাছূলৰ আনুগত্য কৰা।” (ছুৰাহ নিছা: ৫৯) অথচ এদল লোকে ছুন্নাহক প্রত্যাখ্যান কৰি কৈছে, অমুকে কৈছে, আৰু তমুকে কৈছে!” [ইমাম ইবনু কুদামাহ (ৰাহিমাহুল্লাহ), আল-মুগনী; খণ্ড: ৪; পৃষ্ঠা: ২৯৫; দাৰুল ‘আলামিল কুতুব, ৰিয়াদ কর্তৃক প্রকাশিত; হিজৰী ১৪১৮ চন/১৯৯৮ খ্রীষ্টাব্দ (৩য় প্রকাশ)]
·
৪. ছৌদি আৰবৰ ফৰ্মাৰ গ্র্যাণ্ড মুফতী যুগশ্রেষ্ঠ ফাক্বীহ ও মুহাদ্দিছ শ্বাইখুল ইছলাম ইমাম ‘আব্দুল ‘আযীয বিন ‘আব্দুল্লাহ বিন বায (ৰাহিমাহুল্লাহ)-এ [মৃত: হিজৰী ১৪২০ চন/ইং ১৯৯৯ খ্রীষ্টাব্দ] এই বিষয়ে দীর্ঘ আলোচনা কৰাৰ পিছত কৈছে,
ومما ذكرنا يَتَّضِحُ لصاحب الحق أن إخراج النقود في زكاة الفطر لا يجوز ولا يجزئ عمن أخرجه؛ لكونه مخالفا لما ذُكر من الأدلة الشرعية.
“আমি ইতিমধ্যে যি আলোচনা কৰিলোঁ সেইটোৱে সত্যানুসন্ধানী ব্যক্তিৰ ওচৰত স্পষ্ট কৰি দিয়ে যে, অর্থৰ দ্বাৰা ফিৎৰা আদায় কৰা জায়েজ নহয়, আনহাতে যি ব্যক্তিয়ে অর্থৰ দ্বাৰা ফিৎৰা আদায় কৰে, তাৰ পক্ষৰ পৰা সেয়া যথেষ্ট নহ’ব। যিহেতু সেইটো উল্লেখিত শ্বাৰ‘ঈ দলিল বিৰোধী।” [ইমাম ইবনু বায (ৰাহিমাহুল্লাহ), মাজমূ‘উ ফাতাওৱা ওৱা মাক্বালাতুম মুতানাওয়্যা‘আহ, খণ্ড: ১৪; পৃষ্ঠা: ২১১; দাৰুল ক্বাছিম, ৰিয়াদ কর্তৃক প্রকাশিত; হিজৰী ১৪২০ চন (১ম প্রকাশ)]
·
৫. বিগত শতাব্দীৰ সর্বশ্রেষ্ঠ মুহাদ্দিছ আশ্ব-শ্বাইখুল ‘আল্লামাহ আল-মুজাদ্দিদ আল-ফাক্বীহুন নাক্বিদ ইমাম মুহাম্মাদ নাছিৰুদ্দীন আল-আলবানীয়ে (ৰাহিমাহুল্লাহ) [মৃত: হিজৰী ১৪২০ চন/ইং ১৯৯৯ খ্রীষ্টাব্দ] কৈছে,
الذين يقولون بجواز إخراج صدقة الفطر نقودًا هم مخطئون، لأنهم يخالفون النص.
“যিসকলে কয়, অর্থৰ দ্বাৰা ফিৎৰা আদায় কৰা জায়েজ, তেওঁলোকে ভুলত পতিত হৈছে। কিয়নো তেওঁলোকে সুস্পষ্ট দলিলৰ বিৰোধিতা কৰিছে।” [ইমাম আলবানী (ৰাহিমাহুল্লাহ), চিলচিলাতুল হুদা ওৱান নূৰ; ২৭৪ নং অডিও ক্লিপ; সংগৃহীত: sahab.net]
·
৬. বিগত শতাব্দীৰ শ্রেষ্ঠ মুফাচ্ছিৰ, মুহাদ্দিছ, ফাক্বীহ ও উছূলবিদ আশ্ব-শ্বাইখুল ‘আল্লামাহ ইমাম মুহাম্মাদ বিন ছালিহ আল-‘উছাইমীন (ৰাহিমাহুল্লাহ)-এ [মৃত: হিজৰী ১৪২১ চন/ইং ২০০১ খ্রীষ্টাব্দ] কৈছে,
لا يجوز أن تُدفَعَ زكاة الفطر نقودا بأي حال من الأحوال، بل تدفع طعاما، والفقير إذا شاء باع هذا الطعام وانتفع بثمنه.
“অর্থৰ দ্বাৰা ফিৎৰা দিয়া কোনো অৱস্থাতেই জায়েজ নহয়। বৰং ফিৎৰা খাদ্যদ্রব্যৰ দ্বাৰা আদায় কৰিব লাগিব। কিন্তু অভাৱী ব্যক্তিয়ে ইচ্ছা কৰিলে সেই খাদ্য বিক্রী কৰি তাৰ মূল্যৰ দ্বাৰা উপকৃত হ’ব পাৰিব।” [ইমাম ইবনু ‘উছাইমীন (ৰাহিমাহুল্লাহ), মাজমূ‘উ ফাতাওৱা ওৱা ৰাছাইল; খণ্ড:১৮; পৃষ্ঠা: ২৭৭; দাৰুছ ছুৰাইয়্যা, ৰিয়াদ কর্তৃক প্রকাশিত; হিজৰী ১৪২৩ চন/ইং ২০০৩ খ্রীষ্টাব্দ (১ম প্রকাশ)]
·
৭. ছৌদি ফাতাওৱা বোর্ড আৰু ছৌদি আৰবৰ সর্বোচ্চ ‘উলামা পৰিষদৰ প্রবীণ সদস্য যুগশ্রেষ্ঠ ফাক্বীহ আশ্ব-শ্বাইখুল ‘আল্লামাহ ইমাম ছালিহ বিন ফাওযান আল-ফাওযান (হাফিযাহুল্লাহ)-এ [জন্ম: ১৩৫৪ হিজৰী/১৯৩৫ খ্রীষ্টাব্দ] কৈছে,
إخراج القيمة نقودًا عن صدقة الفطر؛ هذا لا يجزئ؛ لأنه خلاف ما أمر به النبي ﷺ، لأن الرسول ﷺ أمر بإخراجه من الطعام. … هذا قول جمهور أهل العلم، والأئمة الثلاثة: مالكٍ والشافعيِّ وأحمدَ رحمهم الله، وأجاز أبو حنيفة –رحمه الله– إخراج القيمة، ولكن هذا خلاف النص واجتهاد مع النص، ولا يجوز الإجتهاد مع وجود النص، ولهذا لما سئل الإمام أحمد رحمه الله عن إخراج القيمة وأن فلانًا أفتى بإخراج القيمة قال رحمه الله: يدعون قول رسول الله ﷺ ويأخذون بقول فلان. فالواجب العمل بالنص.
“অর্থৰ দ্বাৰা ফিৎৰা আদায় কৰিলে সেয়া (আদায় হিচাপে) যথেষ্ট নহ’ব। কিয়নো সেইটো নাবী ﷺ-ৰ নির্দেশ বিৰোধী। যিহেতু ৰাছূলুল্লাহ ﷺ-এ খাদ্যৰ দ্বাৰা ফিৎৰা আদায় কৰিবলৈ আদেশ কৰিছে।… এইটো অধিকাংশ ‘আলিমৰ মত। এইটো তিনি ইমাম তথা মালিক, শ্বাফি‘ঈ ও আহমাদ (ৰাহিমাহুমুল্লাহ)’ৰ মত। আবূ হানীফাহ (ৰাহিমাহুল্লাহ)-এ অর্থৰ দ্বাৰা আদায় কৰা জায়েজ বুলি কৈছে। কিন্তু এইটো সুস্পষ্ট দলিলৰ বিৰোধী আৰু সুস্পষ্ট দলিলৰ সৈতে ইজতিহাদ। আনহাতে সুস্পষ্ট দলিলৰ বিদ্যমানতাত ইজতিহাদ জায়েজ নহয়। এই কাৰণে যেতিয়া ইমাম আহমাদ (ৰাহিমাহুল্লাহ)-ক অর্থৰ দ্বাৰা ফিৎৰা আদায়ৰ বিষয়ে প্ৰশ্ন কৰা হয় আৰু কোৱা হয় যে, অমুকে (‘আলিম) ‘অর্থৰ দ্বাৰা ফিৎৰা আদায় কৰা বৈধ’ বুলি ফাতওৱা দিছে, তেতিয়া তেওঁ (ৰাহিমাহুল্লাহ) কৈছে, ‘তেওঁলোকে ৰাছূলুল্লাহ ﷺ-ৰ কথা পৰিত্যাগ কৰিছে, আৰু অমুকৰ কথা গ্রহণ কৰিছে!’ গতিকে সুস্পষ্ট দলিল অনুযায়ী আমল কৰা ওৱাজিব।” [ইমাম ছালিহ আল-ফাওযান (হাফিযাহুল্লাহ), শ্বাৰহু যাদিল মুস্তাক্বনি‘; খণ্ড: ২; পৃষ্ঠা: ৩০৩-৩০৫; দাৰুল ‘আছিমাহ, ৰিয়াদ কর্তৃক প্রকাশিত; হিজৰী১৪২৪ চন/ইং ২০০৪ খ্রীষ্টাব্দ (১ম প্রকাশ)]
·
৮. ইমাম চালিহ আল-ফাওযান (হাফিযাহুল্লাহ)-ক প্ৰশ্ন কৰা হৈছে,
في بلادنا زكاة الفطر تدفع مالًا بحجة أن المساكين لا يريدون حبوبًا وغيرها، فماذا نفعل؟
“আমাৰ দেশত এই দলিলৰ ভিত্তিত অর্থৰ দ্বাৰা ফিৎৰা আদায় কৰা হয় যে, মিছকীনসকলে খাদ্যদ্ৰব্য লব নিবিচাৰে। এই ক্ষেত্রত আমি কি কৰিম?”
শ্বাইখে (হাফিযাহুল্লাহ) উত্তৰত কৈছে,
ليس الأمر للمساكين، هذه عبادة، تنفذ كما جائت عن الرسول ﷺ، والذي لا يريد الطعام هذا ليس بمحتاج، أعطه المحتاج الذي يريد الطعام.
“এইটো মিছকীনসকলৰ কথা অনুযায়ী নহ’ব। এইটো এটি ইবাদত। ৰাছূলুল্লাহ ﷺ-ৰ পৰা যেনেদৰে বর্ণিত হৈছে, তেনেদৰেই তাক সম্পাদন কৰিব লাগিব। আনহাতে যিয়ে খাদ্য লব নিবিচাৰে, তেওঁ মূলতঃ অভাৱীয়েই নহয়। গতিকে ফিৎৰা অভাৱী ব্যক্তিক দিয়ক, যিয়ে ভোকত আছে আৰু খাদ্য বিচাৰে।” [দ্র.: http://www.alfawzan.af.org.sa/ar/node/12939.%5D
·
৯. ছৌদি আৰবৰ ‘ইলমী গৱেষণা ও ফাতওৱা প্রদানৰ স্থায়ী কমিটি (ছৌদি ফাতাওৱা বোর্ড) প্রদত্ত ফাতওৱা’ত কোৱা হৈছে,
ﻭﻻ ﻳﺠﻮﺯ ﺗﻮﺯﻳﻊ ﺯﻛﺎﺓ ﺍﻟﻔﻄﺮ ﻧﻘﺪًﺍ ﻋﻠﻰ ﺍﻟﺼﺤﻴﺢ ﻓﻴﻤﺎ ﻧﻌﻠﻢ، ﻭﻫﻮ ﻗﻮﻝ ﺟﻤﻬﻮﺭ ﺍﻟﻌﻠﻤﺎﺀ.
“আমি জনামতে বিশুদ্ধ মতানুযায়ী অর্থৰ দ্বাৰা ফিৎৰা বণ্টন কৰা জায়েজ নহয়। এইটোৱেই অধিকাংশ ‘আলিমৰ মত।”
ফাতওৱা প্রদান কৰিছে—
চেয়াৰম্যান: শ্বাইখ ‘আব্দুল ‘আযীয বিন ‘আব্দুল্লাহ বিন বায (ৰাহিমাহুল্লাহ)
ডেপুটি চেয়াৰম্যান: শ্বাইখ ‘আব্দুৰ ৰাযযাক্ব ‘আফীফী (ৰাহিমাহুল্লাহ)
মেম্বাৰ: শ্বাইখ ‘আব্দুল্লাহ বিন গুদাইয়্যান (ৰাহিমাহুল্লাহ)।
মেম্বাৰ: শ্বাইখ ‘আব্দুল্লাহ বিন ক্বা‘ঊদ (ৰাহিমাহুল্লাহ)। [ফাতাওৱা লাজনাহ দাইমাহ; ফাতওৱা নং: ৯২৩১; প্রশ্ন নং: ৪; সংগৃহীত: alifta.net]
·
১০. স্থায়ী কমিটিৰ আন এটি ফাতওৱা’ত কোৱা হৈছে,
ﻻ ﻳﺠﻮﺯ ﺩﻓﻊ ﺍﻟﻨﻘﻮﺩ ﺑﺪﻻً ﻣﻦ ﺍﻟﻄﻌﺎﻡ ﻓﻲ ﺻﺪﻗﺔ ﺍﻟﻔﻄﺮ ؛ ﻷﻥ ﺍﻟﻨﺒﻲ ﺻﻠﻰ ﺍﻟﻠﻪ ﻋﻠﻴﻪ ﻭﺳﻠﻢ ﺃﻣﺮ ﺑﺈﺧﺮﺍﺝ ﺍﻟﻄﻌﺎﻡ ﻓﻲ ﺻﺪﻗﺔ ﺍﻟﻔﻄﺮ.
“খাদ্যৰ পৰিৱর্তে অর্থৰ দ্বাৰা ফিৎৰা আদায় কৰা জায়েজ নহয়। কিয়নো নাবী ﷺ-এ খাদ্যৰ দ্বাৰা ফিৎৰা আদায় কৰাৰ কাৰণে আদেশ কৰিছে।” [ফাতাওৱা লাজনাহ দাইমাহ; আল ইফতা ডট নেটত ৰমজান মাহ চেকছনৰ ‘যাকাত ও ফিৎৰা’ অংশৰ ফাতওৱা; প্রশ্ন নং: ৫; সংগৃহীত: alifta.net]
·
ওপৰোক্ত আলোচনাৰ পৰা স্পষ্টৰূপে প্রতীয়মান হ’ল যে, অর্থ বা খাদ্যমূল্যৰ দ্বাৰা ফিৎৰা আদায় কৰা জায়েজ নহয়, বৰং আৱশ্যিকভাৱে খাদ্যদ্রব্যৰ দ্বাৰাই ফিৎৰা আদায় কৰিব লাগিব। আল্লাহেই সর্বাধিক অৱগত। আল্লাহে আমাক সঠিক বিষয় জনাৰ আৰু সেয়া যথাযথভাৱে মানি চলাৰ তাওফীক্ব দান কৰক।
·
অনুবাদক: মুহাম্মাদ ‘আব্দুল্লাহ মৃধা – (আল্লাহে তেওঁক উত্তম প্রতিদান দিয়ক – আমীন)।
✍️ অসমীয়া অনুবাদ
Jubair Rahman
▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬
Rakibul Islam Salafi
Comments
Post a Comment